ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

0 197

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ টাই আহোম যুৱ পৰিষদে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থাই আজি পূৰ্ণ সমৰ্থন আগবঢ়াই৷বৰপথাৰ আঞ্চলিক আটাছু আৰু টাইপাৰ শতাধিক কৰ্মীয়ে পুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে বিভিন্ন প্ৰতিবাদী শ্লো’গানে পৰিৱেশ উত্তাল কৰি তোলে৷

বৰপথাৰ আঞ্চলিক আটাছু আৰু টাইপাৰ লগতে স্থানীয় ৰাইজে সহযোগ কৰা প্ৰতিবাদত চৰকাৰ বিৰুধী শ্লো’গান শুনিবলৈ পোৱা যায়৷ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বৰপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অমৃত ৰণী গগৈয়ে কয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে সংগ্ৰাম চলি যাব, যি দিনাৰ লৈকে বিধেয়কখন বাতিল নহয়৷ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণক লৈ চৰকাৰখনে যি ভেকুভাওনা কৰিছে, কেৱল মাত্ৰ ৰাজনৈতিক সমীকৰণ হিচাবে ব্যৱহাৰ নকৰিবলৈ সকিয়নি দিয়ে নেতাগৰাকীয়ে৷

আনহাতে আদিত্য খাখলাৰীক প্ৰত্যাহ্বান জনাই কয়, জনজাতিকৰণ কাৰোবাৰ পৈতৃক সম্পত্তি নহয়৷ আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিব জানো আৰু কোনোবাই যদি বাধা দিয়ে,তেন্তে আজুৰি আনিবলৈও আমি সক্ষম৷ শিৱসাগৰত আদিত্য খাখলাৰীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা কাৰ্যক শলাগ লৈ এনে ব্যক্তিৰ সান্নিধ্যই গোষ্ঠী সংঘৰ্ষৰ বাবে সাৰ পানী দিয়ে বুলিও উল্লেখ কৰে৷

Comments
Loading...