যুৱ কংগ্ৰেছে জ্বলালে হিমন্তৰ প্ৰতিকৃতি

0 83

ডিজিটেল ৰিপ’ৰ্টঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুবুৰী জিলা যুৱ কংগ্ৰেছে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰীৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত স্থানীয় বিলাসীপাৰা গান্ধী চকত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।

প্ৰতিবাদকাৰীসকলে ‘হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ’, ‘বিজেপি চৰকাৰ মুৰ্দাবাদ’ ইত্যাদি ধ্বনিৰে উত্তাল কৰি তোলে।

Comments
Loading...