ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ

0 96

ডিজিটেল ৰিপ’ৰ্টঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে ডিব্ৰুগড়তো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উত্তৰ-পূৱ ভ্ৰমণৰ দিনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ’ৰা সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সমবেত হৈ ছাত্ৰ সমাজে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে জাতি ধ্বংসী বিধেয়কখন বাতিল নকৰা পৰ্য্যন্ত ক্ষান্ত নাথাকে বুলি স্পষ্ট কৰি দিয়ে।

Comments
Loading...