দুৰ্বৃত্তই হত্যা কৰা দম্পত্তি পুত্ৰৰ মৃতদেহ উদ্ধাৰ

0 132

ডিজিটেল ৰিপ’ৰ্টঃ ছয়গাঁৱৰ গুমিৰ আমবাৰীত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰা দম্পতীৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিছে। কলহী নৈত মাছমৰীয়াই উদ্ধাৰ কৰিছে কুৰবান আলীৰ মৃতদেহ। এটা মোনাত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰিছে মৃতদেহটো। ইপিনে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীক প্ৰহাৰ কৰে একাংশ ক্ষুব্ধ লোকে। আনহাতে ৰাইজৰ প্ৰহাৰত আহত হয় আৰক্ষী বিষয়া মণ্টু দাসসহ কেইবাজনো কনিষ্টবল।

ইফালে সাংবাদিককো আক্ৰমণ কৰিবলৈ উদ্যত একাংশ লোকে। ঘটনাস্থলীৰ পৰা পলায়ন কৰে কেইবাজনো সাংবাদিকৰ লগতে আৰক্ষী। শিশুটিৰ মৃতদেহ উদ্ধাৰত আৰক্ষীৰ ব্যৰ্থতাত ক্ষোভ ৰাইজৰ। ২৯ জানুৱাৰীত বিছনাতে দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰিছিল স্বামী–স্ত্ৰীক। হত্যাকাণ্ডৰ পিছৰে পৰা নিখোজ হৈ আছিল কুৰবান আলী নামৰ শিশুটি।

Comments
Loading...