বিধেয়কৰ সন্দৰ্ভত শংকৰ সংঘই কি সিদ্ধান্ত ল’লে?

0 112

ডিজিটেল ৰিপ’ৰ্টঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। ৮৮সংখ্যক মৰিগাঁও অধিবেশনৰ অন্তিম দিনটোত এই কথা স্পষ্ট কৰি দিলে শংকৰ সংঘই। সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈ আৰু প্ৰধান সম্পাদক বাবুল বৰাই স্পষ্টকৈ ক’লে – শ্ৰীমন্ত শংকৰদেৱ সংঘই বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমীয়া জাতিৰ লগত। জাতিৰ অস্তিত্ব ৰক্ষাত সদায় ব্ৰতী সংঘ। চৰকাৰ ৰাইজে পাতিছে, চৰকাৰে ৰাইজৰ কথা শুনিব লাগিব বুলি মন্তব্য কৰে নৱনিৰ্বাচিত পদাধিকাৰ আৰু প্ৰধান সম্পাদকগৰাকীয়ে।

Comments
Loading...