অসমত আকৌ বহিঃৰাজ্যৰ প্ৰাৰ্থী!

0 225

ডিজিটেল ৰিপ’ৰ্টঃ কংগ্ৰেছৰ পিছত এইবাৰ বিজেপিয়ে ৰাজ্যসভাত প্ৰাৰ্থীত্ব প্ৰদান কৰিব বহিঃৰাজ্যৰ নেতাক। মে’ মাহত অসমৰ পৰা ৰাজ্যসভালৈ নির্বাচিত হৈ আহিব ৰামবিলাস পাছোৱান। দিল্লীত অনুষ্ঠানিক ঘোষণা কৰিলে লোক জনশক্তি পাৰ্টীৰ নেতাই। বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বিহাৰৰ হাজীপুৰৰ এল জে পি সাংসদ পাছোৱানক অসমৰ পৰা জয়ী কৰাই আনিব এন ডি এই।

দিল্লীত এই কথা ঘোষণা কৰিছে লোক জন শক্তি পাৰ্টীৰ অসম প্ৰদেশৰ কাৰ্যকৰী সভাপতি সোণমণি দাসৰ। মে’ মাহত খালী হ’ব অসমৰ দুখন আসন। কাৰ্যকাল শেষ হ’ব কংগ্ৰেছ সাংসদ ড০ মনমোহন সিং আৰু শান্তিউজ কুজুৰৰ।

Comments
Loading...