চাংসাৰীৰ জনসভাত মোডীয়ে কি ক’লে? সৱিশেষ পঢ়ক

0 120

ডিজিটেল ৰিপ’ৰ্টঃ চাংসাৰিত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমীয়াতে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসমবাসীক অভিনন্দন জনাই মোদীয়ে কয় – অসমবাসীৰ মৰম মা কামাখ্যাৰ আশীৰ্বাদৰ দৰে। ইয়াৰ পূৰ্বে চাৰিটা কাৰ্যসূচীত অংশ লৈছিলো, প্ৰতিখন জনসভাতে অভিলেখসংখ্যক লোকৰ সমাগম হৈছিল। আজি উত্তৰ–পূবৰ ইতিহাসৰ এক বিশেষ দিন। অসমৰ নমস্য ব্যক্তিসকলক স্মৰণ প্ৰধানমন্ত্ৰীৰ। শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনক লৈও ভাষণত মন্তব্য কৰে মোদীয়ে। অধিৱেশনৰ সফল সমাপ্তি কামনা কৰি লাখ লাখ ভক্তক সভাৰ পৰাই প্ৰণিপাত জনালে প্ৰধানমন্ত্ৰীয়ে।

ভূপেনদাই অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল। ভূপেনদাৰ গীতে নতুন চেতনাৰ উন্মেষ ঘটায়। বঞ্চিত–পীড়িত–শোষিতসকলৰ বাবে যাৰ জীৱন উত্সৰ্গিত। চাংসাৰিৰ জনসভাত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। জীৱন্ত কালত ভূপেনদাই ভাৰত ৰত্ন নাপালে। জীৱিত অৱস্থাত সন্মানিত হ’লে ভূপেনদাও সুখী হ’লহেঁতেন। কিয় ইমান পলম হ’ল সেয়া আপোনালোকে বিবেচনা কৰিব বুলিও মন্তব্য মোদীৰ। ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় – গোপীনাথ বৰদলৈলৈ মোৰ মনত পৰিছে। যাক ভাৰত ৰত্ন দিবলৈ বাজপেয়ী আহিব লগা হ’ল। প্ৰকৃত ৰত্নক চিনি পাবলৈ কিয় পলম হ’ল? যিসকলে বীৰ পুৰুষক পাহৰিলে, বিকাশৰ কথাও পাহৰিলে।

বাজেটত উত্তৰ–পূবৰ বাবে ২১ শতাংশ পুঁজি বৃদ্ধি কৰা হৈছে। কলকাতা পাৰ হৈ উত্তৰ–পূবৰ কথা কেৱল বিজেপিয়ে ভাবিছে। চাংসাৰিৰ সভাত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৫ লাখৰ তলৰ লোকলৈ আয়কৰ ৰেহাই দিয়া হৈছে, যাৰ জৰিয়তে অসমৰ বহু লোকে সকাহ পাব। জৈৱ ইন্ধন, গেছ পাইপলাইনে অসমক সহায় কৰিব। বছৰ বছৰ ধৰি আধাৰুৱা প্ৰকল্প ৰূপায়ণত আমি সফল হৈছো। গুৱাহাটী–উত্তৰ গুৱাহাটী দলঙৰ আধাৰশিলা স্থাপনৰ সুযোগ পালো। বৰ্তমানৰ ডেৰ ঘণ্টাৰ দৈৰ্ঘ্য ১৫ মিনিটলৈ হ্ৰাস কৰিব। প্ৰায় দুহেজাৰ কোটি টকাৰে নিৰ্মিত হ’ব দলংখন। তেল আৰু গেছ খণ্ডত চাৰি বছৰত ১৪ হাজাৰ কোটিৰ কাম সম্পূৰ্ণ হৈছে।

অনুপ্ৰৱেশকাৰীৰ বাবে দেশত কোনো ঠাই নাই। এন আৰ চি, সীমা ছীল কৰি অনুপ্ৰৱেশ ৰোধৰ চেষ্টা কৰা হৈছে। চাংসাৰিৰ সভাত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উৰাবাতৰি বিয়পোৱা হৈছে বুলি ভাষণত মন্তব্য মোদীৰ। বিধেয়কক লৈ কংগ্ৰেছে উৰাবাতৰি বিয়পাইছে। ৩৪ বছৰীয়া চুক্তি ৰূপায়ণ কৰিব বিজেপি চৰকাৰে। ৩০–৩৫ বছৰে তেওঁলোকে ৰূপায়ণ নকৰিলে অসম চুক্তি। উত্তৰ–পূবৰ ভাষা–সংস্কৃতি ৰক্ষাৰ বাবে বিজেপি চৰকাৰ বদ্ধপৰিকৰ বুলিও মন্তব্য মোদীৰ।

শীঘ্ৰে কাৰ্যকৰী কৰা হ’ব অসম চুক্তিৰ ৬নং দফা। ইয়াৰ বাবে এখন কমিটীও গঠন কৰা হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক কেৱল অসম, উত্তৰ–পূবত নহয়। চাংসাৰিৰ জনসভাত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। দেশক অনুপ্ৰৱেশকাৰী মুক্ত কৰাৰ চেষ্টা চলোৱা হৈছে। ভোটবেংকৰ ৰাজনীতি কৰাসকলে অসম ধ্বংস কৰিছে। দেশৰ একতা আৰু অসম বাচিব লাগিব।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম অব্যাহত আছে। যিসকলে আমাক প্ৰশ্ন কৰে, তেওঁলোক ক’ত শুই আছিল? চাংসাৰিৰ জনসভাত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ সংখ্যালঘু অত্যাচাৰৰ বলি হৈছে। দখল কৰিবলৈ অহা আৰু পলাই অহাৰ মাজত আছে পাৰ্থক্য বুলিও ভাষণত উল্লেখ কৰে মোদীয়ে। ৰাজ্য চৰকাৰৰ ছুপাৰিছৰ পিছতহে দিয়া হ’ব নাগৰিকত্ব। ৰাজ্য চৰকাৰে পৰীক্ষা–নিৰীক্ষা কৰিহে নাগৰিকত্ব দিব। এছ টি, অবিচিৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ’ব বুলিও ভাষণত মন্তব্য মোদীৰ।

ইফালে চাংসাৰিত কাৰ্যসূচী সামৰি আগৰতলালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী। বায়ুসেনাৰ বিশেষ বিমানেৰে ৰাওনা আগৰতলালৈ। চাংসাৰিত মোদীয়ে উদ্বোধন কৰিলে কেইবাটাও অভিলাষী প্ৰকল্প। আগৰতলাৰ পৰা দিল্লীলৈ ৰাওনা হ’‍ব প্ৰধানমন্ত্ৰীগৰাকী।

Comments
Loading...