সন্দেহযুক্ত নাগৰিকৰ কাষত থিয় দিছে আছু–অগপই

0 72

ডিজিটেল ৰিপৰ্টঃ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদে সন্দেহযুক্ত নাগৰিকৰ পক্ষত থিয় দিছে।- এই অভিযোগ ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। শনিবাৰে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বিজেপিৰ যুৱ মৰ্চাৰ ‘বিজয় লক্ষ্য ২০১৯’ত উপস্থিত থাকি আছুৰ গুৱাহাটীসহ ভিন্ন জিলাৰ সভাপতি–সম্পাদকলৈ আঙুলি টোঁৱাই ড০ শৰ্মাই এই মন্তব্য কৰে। 

একেটা সভাত মন্ত্ৰী ড০ শৰ্মাই  অসম সাহিত্য সভাকো সমালোচনা কৰে। মন্ত্ৰী ড০ শৰ্মাই অসম সাহিত্য সভাত ন-অসমীয়াৰ প্ৰৱেশ ঘটিছে বুলি উল্লেখ কৰি কয়- বংগীয় মূলৰ লোকৰ হাতত আছু আৰু সাহিত্য সভা। সাম্প্ৰদায়িক সংঘৰ্ষ ঘটোৱা লোকৰে সমুজ্জ্বল ভট্টাচাৰ্যৰ সম্পৰ্ক আছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। আগন্তুক ৩ মাহৰ যুঁজৰ বাবে বিজেপি সাজু বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ আৰু কয় যে, ‘সলনি হৈছে আছুৰ আভ্যন্তৰীণ পৰিৱেশ। আছুৱে হেৰুৱাইছে পূৰ্বৰ গৰিমা। আছুত থকা কলুষিত লোকক গতিয়াই উলিয়াব লাগিব। আছুক পৰিষ্কাৰ কৰাৰ দায়িত্ব বিজেপিৰ।’

Comments
Loading...