প্ৰিয়ংকাই ঘৰত টপ আৰু জিন্স পিন্ধেঃ কোনে কলে এই বিতৰ্কিত মন্তব্য

0 181

ডিজিটেল ৰিপৰ্টঃ প্ৰিয়ংকা গান্ধী প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশৰ পিছতে দেশৰ ৰাজনীতি মহলত আৰম্ভ হৈছে তুমূল প্ৰতিক্ৰিয়া। বিপক্ষ দলসমূহে প্ৰিয়ংকাক লৈ ব্যাপক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। এইবাৰ উত্তৰ প্ৰদেশৰ বিজেপিৰ সাংসদ হৰিশ দ্বিবেদীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ সাজ পোছাকক লৈ কটু মন্তব্য আগবঢ়াইছে।

বিজেপিৰ সাংসদগৰাকীয়ে কয় যে, প্ৰিয়ংকাই ঘৰত থাকিলে জিন্স আৰু টপ পিন্ধি থাকে। কিন্তু যেতিয়াই জনসাধাৰণৰ ওচৰলৈ যাবলগীয়া হয় তেতিয়াই তেওঁ শাৰী আৰু সেন্দুৰ পিন্ধে।

উল্লেখ্য যে, বিজেপিৰ সাংসদগৰাকী উত্তৰ প্ৰদেশৰ এখন গাঁৱত অনুষ্ঠিত হোৱা জনসভাত কৰা বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশৰ ৰাজনীতিত। সাংসদগৰাকীয়ে ৰাহুল গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি লয়। বিজেপি সাংসদ দ্বিবেদীয়ে কয়, ৰাহুল ফেল হল যেতিয়া প্ৰিয়ংকাও ফেল।

Comments
Loading...