প্ৰধানমন্ত্ৰীৰ সামগ্ৰী নিলাম। কিমান বিক্ৰী মোডীৰ সামগ্ৰী?

0 118

ডিজিটেল ৰিপৰ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্মৃতি বিজড়িত সামগ্ৰী নিলামক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰাহালয়ৰ উদ্যোগত অনুষ্ঠিত কৰিবলগীয়া নমামী গংগা অনুষ্ঠানত ব্যয় কৰিব নিলামৰ পৰা পোৱা ধন। ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা নিলাম প্ৰক্ৰিয়া সম্পন্ন হৈছিল শনিবাৰে। আনহাতে এই নিলামত ভাৰতীয় মূলৰ ব্যক্তিৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছিল।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ-বিদেশৰ পৰা লাভ কৰা দুই হাজাৰৰো অধিক উপহাৰসমূহ ২৭ আৰু ২৮ জানুৱাৰীত নিলামত বিক্ৰী কৰা হৈছিল। আনহাতে এই উপহাৰ অনলাইনযোগে ২৯ আৰু ৩০ জানুৱাৰীত হৈছিল। 

সংস্কৃতি মন্ত্ৰালয় আৰু নেশ্বনেল গেলাৰী অৱ মডাৰ্ন আৰ্টে এই নিলামৰ আয়োজন কৰা হৈছিল। ইয়াৰ উপৰি বাকী থকা সামগ্ৰীসমূহ www.pmmementos.gov.in যোগে নিলাম কৰিব পৰাকৈ উপলব্ধ কৰা হৈছে। মন কৰিবলগীয়া যে, ১৮০০ বিধ মোডীৰ স্মৃতি চিহ্নৰ দাম দুগুন বৃদ্ধি কৰিছে।

Comments
Loading...