আকৌ দিল্লীলৈ অখিল-পলাশ

0 178

ডিজিটেল ৰিপ’ৰ্টঃ আজি আকৌ দিল্লীলৈ ৰাওনা হৈছে অখিল গগৈ আৰু পলাশ চাংমাই। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহক সাক্ষাৎ কৰিব নেতাকেইগৰাকীয়ে। কাইলৈ তেওঁলোকে সাক্ষাৎ কৰিব তৃণমূল কংগ্ৰেছ আৰু বিজু জনতা দলক।

তদুপৰি এ আই এ ডি এম কে আৰু টি আৰ এছ দলকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। পূৰ্বেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ ৭০টা সংগঠনে সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীকে ধৰি কেইবাটাও ৰাজনৈতিক দলক।

Comments
Loading...