আছুৰ মন্তব্যক প্ৰত্যুত্তৰ দিলে মন্ত্ৰী হিমন্তই

0 222

ডিজিটেল ৰিপ’ৰ্টঃ ‘মই প্ৰতি বছৰেই গংগাত গা ধুই আহো। এইবাৰো কুম্ভ মেলাত গৈ ধুম। লুৰিণক ধন্যবাদ যে তেওঁৰ মুখত হিন্দু ধৰ্মৰ পৱিত্ৰ নদীৰ নাম ওলাইছে।’– এইদৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, ‘আছুত বহুত ন অসমীয়া সোমাল, মোৰ লগত আছু নেতাও গংগা স্নানলৈ ওলাওক। লুৰিণে কোৱাৰ দৰে মই হতাশ নহয় মই অসমৰ বিত্ত মন্ত্ৰী। মই এখন ধুনীয়া বাজেট উপহাৰ দিছো অসমক।’

ইপিনে তৰুণ গগৈ এতিয়াও আছে নেকি বুলি ইতিকিং কৰিলে মন্ত্ৰী হিমন্ত বিশ্বই। কালিৰ সভাৰ পাছত তৰুণ গগৈয়ে জিৰণি লোৱা ভাল বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকী।

Comments
Loading...