প্ৰধানমন্ত্ৰীয়ে নাটক কৰি গ’ল। কোনে ক’লে এই কথা?

0 184

ডিজিটেল ৰিপ’ৰ্টঃ চাংসাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি এইমছৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গুৱাহাটীত অনুষ্ঠিত কৰা এক সংবাদমেলত গগৈয়ে কয় যে, ‘প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহি নাটক কৰি গ’ল। এবছৰ আগতেই আধাৰশিলা স্থাপন কৰা হৈছিল। প্ৰতিখন ৰাজ্যকেই এইমছ দিয়া হৈছে।’

একেটা সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে, ‘বিল প্ৰত্যাহাৰ কৰিলেহে ভূপেন হাজৰিকা, চুকাফাক সন্মান দিয়া হ’ব। ভূপেন হাজৰিকাৰ সমাধিস্থলত বিজেপিৰ অৱদান ক’ত। যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত বিজেপিৰ অৱদান ক’ত বুলিও প্ৰশ্ন উত্থাপন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

ইপিনে ব্ৰহ্মপুত্ৰৰ ওপৰত যিমান দলং আছে সকলো কংগ্ৰেছৰ অৱদান বুলি উল্লেখ কৰি ভাৰতবৰ্ষৰ গণতন্ত্ৰক মোডীয়ে উপেক্ষা কৰাৰ লগতে প্ৰতিবাদক গুৰুত্ব নিদি মোদীৰ দাম্ভিকতা প্ৰকাশ পাইছে বুলি অভিযোগ উত্থাপন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে, ‘লোকসভাত ৮খন আসন পাম বুলি ভাবিছো। আছু কেতিয়াও অপ্ৰাসংগিক নহয়। হিমন্তই কি সংস্কাৰ কৰিব তেওঁ নিজেই লেতেৰা। ২ লাখ মানুহ দেখুৱালেই অসমীয়াই ভয় নাখায়। মোদীৰ বিৰুদ্ধে কৰা প্ৰতিবাদে সোঁৱৰাই দিছে পৰিণতি হ’ব ভয়ংকৰ। নাগৰিকত্ব নহয় শৰণাৰ্থীৰ মৰ্যাদা দিয়ক হিন্দু বাংলাদেশীক এই বুলিও মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

Comments
Loading...