কাইলৈ অসম বন্ধ

0 342

ডিজিটেল ৰিপ’ৰ্টঃ আদিবাসী জনগোষ্ঠীসকলক জনজাতিকৰণৰ দাবীত কাইলৈ অৰ্থাৎ সোমবাৰে ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ, সম্পাদক যোচেফ মিঞ্জে এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দি কয় অসম তথা কেন্দ্ৰীয় চৰকাৰে অসমৰ আদিবাসী সকলক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে৷

জনজাতিকৰণৰ দাবী আজিলৈ কাৰ্যকাৰীকৰণ নকৰাৰ প্ৰতিবাদত সোমবাৰে অৰ্থাৎ ১১ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৫ বজাৰপৰা আবেলি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে৷ লগতে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈও সংগঠনটোৱে আহ্বান জনাই চৰকাৰক।

Comments
Loading...