কাইলৈৰপৰা ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত দেউৰীসকলৰ জয়দাম উৎসৱ আৰম্ভ

0 131

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ কাইলৈৰ পৰা  তিনিদিনীয়াকৈ বৰ্ণাধ্য কাৰ্য্যসূচীৰে দেউৰীসকলৰ ত্ৰয়োদশ জয়দাম উৎসৱখনি ডিব্ৰুগড় চহৰৰ মাজমজিয়া চৌকিডিঙ্গী খেলপথাৰত উদযাপিত হৈছে। আধুনীকতাৰ খোজত ভিন-ভিন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ অসমত গড় লৈ উঠা বাৰেৰহণীয়া সংস্কৃতিৰ কুটীল ঢৌত নিজ নিজ কৃষ্টি-সংস্কৃতি তথা অসমৰ অন্যতম খিলঞ্জীয়া দেউৰীসকলৰ স্বকীয় অস্তিত্ব বজাই ৰাখি কৃষ্টি-সংস্কৃতিৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ জয়দাম উৎসৱৰ জড়িয়তে প্ৰয়াস কৰা বুলি উদযাপন সমিটিৰ সভাপতি ডাঃ যুগান্ত কুমাৰ দেউৰী আৰু স্মৃতিগ্ৰন্থ সম্পাদক শ্ৰী অচ্যুত দেউৰীয়ে জানিবলৈ দিয়ে। জয়দাম উৎসৱৰ লগত দেউৰী জাতিৰ ইতিহাস জড়িত হৈ আছে। কিয়নো অতীততে দেউৰী জাতিৰ চাৰিওটা খেলেই অৰ্থাৎ দিবঙ্গীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞাই বৃহত্তৰ জয়দাম পাহাৰ (অভিভক্ত অসম) আশে-পাশে বাস কৰিছিল আৰু সেই ঠাইতে তেওঁলোকে নিজ নিজ ইষ্ট দেৱতা যেনে গিৰা গিৰাচি (বুঢ়া-বুঢ়ী), পিচাডেমা (বলিয়াবাবা), পিচাচি-ডেমাচি(তাম্ৰেশ্বৰী) আৰু পাতৰ শালত পূজা উপাসনা কৰিছিল। কালক্ৰমত বহু ঘাত-প্ৰতিঘাতৰ মাজত এই চাৰিওতটা খেল অসম আৰু অৰুণাচলৰ বিভিন্ন স্থানত সিঁচৰিত হৈ পৰে। বৰ্তমান এই বহত্বৰ অঞ্চল (জয়দাম) অৰুণাচল প্ৰদেশ অৱস্থিত।

          উৎসৱ খনিত দেউৰীসকলৰ জীৱনশৈলী, নানান খেতিৰ সজুলি, তেওঁলোকৰ শিপিনীৰ দ্বাৰা প্ৰস্ত্তত খাদী বস্ত্ৰ, নানান খাদ্যৰ প্ৰদৰ্শন ও পৰিবশন আদিৰ মেলা আৰম্ভ হব। কাৰ্য্যসূচী অনুযায়ী ৰাতিপুৱা ৮ বজাত জয়দাম পতাকা উত্তোলন কৰা হব, উত্তোলন কৰিব জয়দাম উৎসৱ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত ৰমেশ দেউৰীয়ে। ৯ বজাত মহাদেৱপুৰ শিল্পী সমাজৰ দ্বাৰা পৰিবেশিত মঙ্গলাচৰণেৰে মঞ্চ উদ্ধোধন কৰা হব। ৯ বাজি ৩০ মিনিটত দেউৰীসকলৰ পৰম্পৰাগত  দেউৰী চাংঘৰ মুকলি কৰা হব, মুকলি কৰিব শ্ৰীযুত ৰমাকান্ত দেউৰীয়ে। ১০ বজাত দেউৰীসকলৰ সন্মানীয় পূজাৰিসকলৰদ্বাৰা থানঘৰ মুকলি কৰা হব। ১০ বাজি ৩০ মিনিটৰপৰা দেউৰীসকলৰ বিভিন্ন পৰম্পৰাগত খেল ঘিলা খেল, পেভ দৌৰ, ধোপ খেল আদি খেলবোৰৰ পেৰতিযোগীতা খেলোৱা হব।

১২ বজাৰপৰা দেউৰীসকলৰ কৃষ্টি-সাংস্কৃতিক প্ৰতিযোগীতা বোৱাৰী বিহু, ডেকাবিহু, গাভৰু বিহু, পেপাবাদন, ঢোলবাদন আদি আৰম্ভ হব। দিনৰ ৩ বজাত প্ৰতিনিধি শিবিৰ মুকলি হব, মুকলি কৰিব দিল্লী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা ডঃ কুঞ্জলতা দেউৰীয়ে। সন্ধ্যা ৬ বজাত প্ৰতিনিধি সভা আৰম্ভ হব, প্ৰতিনিধি সভা আৰম্ভ কৰিব দেউৰী স্বয়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰীযুত মাধৱ দেউৰীযে। সন্ধ্যা ৭ বজাৰপৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হব। সেইদৰে  ১১ তাৰিখৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি সাধাৰণ সম্পাদক কুকিল দেউৰীয়ে জনায়। ১২ ফেব্ৰুৱাৰীত সামৰণি পৰিব লগা জয়দাম উৎসৱখনিত দেউৰী ৰাইজৰ লগতে সকলো অসম বাসীকে উপস্থিত থাকি সহযোগ কৰাৰ লগতে দিহাপৰামৰ্শৰে উৎসৱখনি সাফল্যমণ্ডিত কৰিবৰ বাবে সভাপতি ডাঃ যুগান্ত কুমাৰ দেউৰীয়ে উদযাপন সমিটিৰ হৈ বিনম্ৰ গোহাৰি জনাইছে।

Comments
Loading...