আচৰিতঃ অস্ত্ৰোপচাৰ অবিহনেই পেটৰ পৰা উলিয়ালে ‘টুথব্ৰাছ’

0 136

ডিজিটেল ৰিপ’ৰ্টঃ  চিকিৎসাক্ষেত্ৰত কাহানিও নুশুনা, কেতিয়াও নঘটা এক ঘটনাই ঘটিছে মেঘালয়ত। এগৰাকী পঞ্চাশোৰ্ধ মহিলাৰ পেটৰ পৰা অস্ত্ৰোপচাৰ নকৰাকৈয়ে চিকিৎসকে উলিয়াই আনিছে এডাল ‘টুথব্ৰাছ’। উল্লেখ্য যে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে জনোৱা অনুসৰি মহিলাগৰাকীয়ে দাঁত ব্ৰাছ কৰি থাকোতেই অসাৱধানবশত ব্ৰাছডাল গিলি পেলায়।

বিগত ২৫ জানুৱাৰীত শ্বিলং অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ আইজাক ছিয়েইমক এইগৰাকী ভুক্তভোগী লোকে তেওঁৰ পেটৰ ভিতৰত এডাল পূৰ্ণ পৰ্যায়ৰ ব্ৰাছ সোমাই থকাৰ কথা অৱগত কৰে। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ এই সম্বন্ধে অইন এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু তাৰ পৰাই ডাঃ আইজাকৰ ওপৰলৈ প্ৰেৰণ কৰা হয়।

ডাঃ আইজাকে ৰোগীগৰাকী পৰীক্ষা কৰি জানিব পাৰে যে পেটত পূৰ্ণ পৰ্যায়ৰ এডাল ব্ৰাছ সোমাই থকা সত্ত্বেও কোনো বিষ বা অসুবিধাৰ সমূখীন হোৱা নাছিল ৰোগীগৰাকী। নামনি মাওপ্ৰেমৰ নিবাসী এই ৰোগীগৰাকীয়ে চিকিৎসকগৰাকীক অৱগত কৰামতে, চিকিৎসকৰ ওচৰলৈ অহাৰ বাবে তেওঁৰ কোনো অভিপ্ৰায় নাছিল যদিও তেওঁৰ কন্যাৰ ধাৰাবাহিক তাগিদাৰ বাবেহে চিকিৎসকৰ ওচৰ চাপিছে।

ইফালে, এক্স-ৰে’যোগেও পেটৰ ভিতৰত ব্ৰাছ থকা কথাটো ধৰা পৰা নাছিল। ইয়াৰ পিছতেই ডাঃ আইজাকে এণ্ডোস্কোপি কৰাৰ পৰামৰ্শ দিয়ে আৰু এণ্ডোস্কোপিযোগে ব্ৰাছডালৰ উপস্থিতি ধৰা পৰে। ডাঃ আইজাকে এই সন্দৰ্ভত কয়, “আমি এডাল এণ্ডোস্কোপ ব্যৱহাৰ কৰিলো আৰু ব্ৰাছডাল পেটৰ ভিতৰতে হুক কৰি লৈ ৰোগীগৰাকীৰ মুখেৰে ব্ৰাছডাল উলিয়াই আনিলো, ইয়াৰ বাবে কোনো অস্ত্ৰোপচাৰৰ প্ৰয়োজনেই নহ’ল।” এই কাৰ্যৰ পিছতে কেইঘণ্টামান সময় ৰোগীগৰাকীৰ চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হয় আৰু উক্ত দিনাই অৰ্থাৎ ২৮ জানুৱাৰীত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। চিকিৎসক ডাঃ আইজাকে লগতে কয়, “এই এণ্ডোস্কোপিৰ সময়ছোৱাতে ৰোগীগৰাকীয়ে কোনোধৰণৰ অসুবিধাৰ সমূখীন হোৱা নাছিল, অৱশ্যে ব্ৰাছডাল উলিয়াই ননাহেতেন পৰৱৰ্তীসময়ত ই জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ সম্ভাৱনীয়তাও আছিল।” উল্লেখ্য যে এনেধৰণৰ ঘটনা প্ৰথমবাৰৰ বাবে মেঘালয়ত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

Comments
Loading...