জনজাতিকৰণৰ ডেডলাইন ১৩ ফেব্ৰুৱাৰী

0 159

ডিজিটেল ৰিপ’ৰ্টঃ পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে ওদালগুৰি। সোমবাৰে ওদালগুৰি জিলা আক্ৰাছু,কোঁচ ৰাজবংশী সন্মিলন আৰু কোচ ৰাজবংশী মহিলা সন্মিলনীৰ উদ্যোগত ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ খেল পথাৰত অনুষ্ঠিত হয় এক বিশাল গণ সমাবেশ। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই সমাবেশত প্ৰতিবাদকাৰীসকলে “আমাক কামতাপুৰ লাগিবই, জনজাতিকৰন লাগিবই, কোঁচ ৰাজবংশী বিৰোধী হুঁচিয়াৰ, বিজেপি চৰকাৰ হুচিয়াৰ” আদি শ্লোগানেৰে উত্তাল কৰি তোলে ওদালগুৰি।

আনহাতে অহা ১৩ তাৰিখৰ ভিতৰত জনজাতিকৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিব বুলি প্ৰতিবাদত অংশ গ্ৰহণ কৰি হুংকাৰ দিয়ে আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মনে। আনহাতে কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰণৱ নাৰায়ণদেৱে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ নকৰিলে লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিত কোচ ৰাজবংশী দল,সংগঠনে নিজাকৈ প্ৰাৰ্থী আগবঢ়োৱাৰো হুংকাৰ দিয়ে।

Comments
Loading...