কিৰেণ ৰিজিজুৰে অৰুণাচল-মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বৈঠক

0 134

ডিজিটেল ৰিপ’ৰ্টঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আজি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে অৰুণাচল আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত ৰিজিজুৰ সৈতে এঘণ্টা ধৰি পেমা খাণ্ডু আৰু এন বীৰেন সিঙৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে। আনহাতে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য নকৰিলে তিনিওজনে।

ইপিনে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও বহে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ। বৈঠকত উপস্থিত আছিল গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু। বৈঠকৰ শেষত কোনো মন্তব্য নকৰিলে মুখ্যমন্ত্ৰী দুজনে। ‘নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আৰু অধিক আলোচনা কৰা হ’ব বুলি মন্তব্য কৰিছে কিৰেন ৰিজিজুৱে।

Comments
Loading...