অসমত মোডীয়ে সন্ত্ৰাস চলাবলৈ আহে

0 129

ডিজিটেল ৰিপ’ৰ্টঃ ‘প্ৰধানমন্ত্ৰীক অসমৰ ৰাইজে সন্ত্ৰাসবাদী দেখাদি দেখে। অসমলৈ মোদীয়ে সন্ত্ৰাস চলাবলৈহে আহে।’– এই মন্তব্য অগপৰ বিধায়ক সত্যব্ৰত কলিতাৰ। সংবাদ-মাধ্যমৰ জৰিয়তে অগপৰ বিধায়কগৰাকীয়ে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে বিজেপি ১ নম্বৰ জাতীয় দল বুলি কৰা মন্তব্যকো কটাক্ষ কৰে।

বিধায়ক কলিতাই কয় যে, ৰঞ্জিত দাসৰ উপলঙাসূচক মন্তব্য অভ্যাসত পৰিণত হৈছে। হিমন্তই গংগাত আছুক গা ধুবলৈ জনোৱা আহ্বানৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অগপৰ বিধায়কগৰাকীয়ে। কোনোৱে অতীত পাহৰি যোৱাটো উচিত নহয় বুলিও মন্তব্য সত্যব্ৰত কলিতাৰ।

Comments
Loading...