একে নিশাই হিৰৌ হৈ পৰিল চাবুৱাৰ এজন আৰক্ষী বিষয়া

1 1,132

ডিজিটেল সংবাদ, চাবুৱাঃ বৃহত্তৰ চাবুৱা অঞ্চলত এচাম উদণ্ড বাইক চালকৰ অতপালিত সাধাৰণ জনগণে ত্ৰাসিমধুসূধন দেখিব লগীয়া পৰিবেশ সৃষ্টি হৈ থকাৰ সময়তে যোৱা কালি চাবুৱা আৰক্ষীয়ে ১২-১৩ বছৰীয়া ল’ৰাৰ পৰা ১৬-১৭ বছৰীয়া ল’ৰাই প্ৰকাণ্ড প্ৰকাণ্ড বাইকলৈ উদ্দেশ্যবিহীনভাৱে ৰাজপথত নিতৌ বিকট শব্দ কৰি, ভয়ানক ফটকা ফুটাৰ দৰে ইঞ্জিনৰ পৰা শব্দ বাহিৰ কৰি ৰাজপথত তীব্ৰ বেগত চলাই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

ইপিনে বাইকাৰ্চৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ সন্দৰ্ভত সংবাদ-মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসন্ন কুমাৰ সোণোৱাল, নিয়ৰাম বেজবৰুৱা আৰু খনিন লাহনক বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ লগতে চাবুৱা সচেতন যুৱকসকলে আদৰণি জনাই। ৰাইজৰ সহাৰি পাই আৰক্ষী বিষয়াগৰাকীয়ে আগন্তুক দিনত ধাৰাবাহিকভাৱে এই অভিযান চলি থাকিব বুলিও জানিবলৈ দিয়ে।

Comments
Loading...