ৰক্তাক্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়

0 209

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন পন্থাৰে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ৷ আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এক অভিনৱ পদক্ষেপ হাতত ল’বলগা হৈছে এই বিধেয়ক বিৰোধীতাৰ বাবে৷

মঙলবাৰে সমগ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে ‘ৰক্ত শপত’ নামেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ তেজেৰে ‘জয় আই অসম’, ‘বিধেয়ক বাতিল কৰক’ আদি লিখি প্ৰতিবাদ সাব্যস্ত কৰে৷

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত সমবেত হয়৷ বহু কেইজন ছাত্ৰ-ছাত্ৰীয়ে তেজেৰে লিখি জাতিধ্বংসী বিধেয়ক গ্ৰহণ নকৰাৰ ‘ৰক্ত শপত‘ কৰিছে৷

কোনো কাৰণতে এই বিধেয়ক গ্ৰহণ কৰা নহ’ব বুলি হুংকাৰ দিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে৷ আন্দোলনৰ ভাষা বুজি নোপোৱা চৰকাৰলৈ তেজেৰে লিখি প্ৰতিবাদ কৰিব লগা হোৱা বুলি দাবী কৰিছে ছাত্ৰ সমাজে৷‘ৰক্ত শপত’ হিচাপে নামাকৰণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজেও সহযোগিতা আগবঢ়াইছে৷ লগতে বিভিন্ন ছাত্ৰ সংগঠনেও সহযোহিতা আগবঢ়াই এই প্ৰতিবাদী কাৰ্যসূচীত৷

Comments
Loading...