উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈ শুভেচ্ছা

0 202

ডিজিটেল সংবাদ, লাহোৱালঃ কাইলৈৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। অহা ১৪ মাৰ্চলৈকে চলিব এই পৰীক্ষা। অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অন্ত পৰিব ২ মাৰ্চত।

সদৌ মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপসভাপতি অজয় গগৈ, লাহোৱাল আঞ্চলিক ছাত্র সন্থাৰ সভাপতি বিদ্যুৎ সাগৰ দত্ত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ উপসভাপতি প্ৰিয়ব্ৰত গোহাঁই, টাই আহোম ছাত্র সন্থা লাহোৱাল আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ দুৱৰা, চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলাৰ সভাপতি দয়ানন্দ শাহ,লাহোৱাল ফুটবল একাডেমিৰ সভাপতি কৃষ্ণ তামুলী ,লাহোৱাল প্ৰেছক্লাৱৰ সাধাৰণ সম্পাদক ধৰনী গগৈ, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তপন শ‌ইকীয়াই সমূহ পৰীক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

Comments
Loading...