ৰাজ্যসভাত গৃহীত হ’ব জাতিধ্বংসী বিধেয়ক

0 425

ডিজিটেল ৰিপ’ৰ্টঃ অসমৰ জনতাৰ আৱেগ-অনুভূতিক আওকান কৰি, অসমীয়াৰ প্ৰতিবাদকো নস্যাৎ কৰি ৰাজ্যসভাত গৃহীত কৰাৰ পূৰ্ণ প্ৰচেষ্টা চলাইছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পিছতে ৰাজ্যসভাত যিকোনো পৰ্যায়ত আজি গৃহীত কৰিবলৈ প্ৰস্তুতি চলাইছে শাসকীয় দলটোৱে।

আজি দুপৰীয়া ১২ বজাত গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যসভাত উত্থাপন কৰিব বিধেয়কখন। উত্থাপনৰ পিছত বিধেয়কখনক লৈ হ’ব আলোচনা। তাৰ পিছতে ভোটৰ বাবে আগবঢ়োৱা হ’ব সংসদত। 

উল্লেখযোগ্য যে বিধেয়ক বাতিলৰ দাবীত উত্তৰ–পূবত অব্যাহত আছে প্ৰতিবাদ। বিধেয়কখনৰ বিৰোধিতা উত্তৰ–পূবৰ দল–সংগঠনসমূহৰ। অসম আৰু উত্তৰ–পূববাসীৰ প্ৰতিবাদক আওকাণ কেন্দ্ৰৰ। 

ইপিনে আজি সংসদত উপস্থিত নাথাকে ৪ অ-বিজেপি সাংসদ। বিশেষ কাৰণত ছুটীৰ আবেদন কৰিছিল ৪গৰাকী সাংসদে। ইতিমধ্যে ছুটীৰ অনুমোদনো পাইছে সাংসদকেইজনে। যদি সাংসদকেইগৰাকী বিধেয়কবিৰোধী পক্ষৰ হয় তেন্তে ভোটত বিজেপি জয়ী হোৱাৰ সম্ভাৱনাই অধিক। বিজেপি জয়ী হ’লেই গৃহীত হ’ব বিতৰ্কিত বিধেয়কখন।

Comments
Loading...