জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ১০ ঘন্টীয়া নাগালেণ্ড বন্ধ

0 232

ডিজিটেল বিশেষ সংবাদ, সোণাৰীঃ কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ ৰ বিৰুদ্ধে অসম উত্তাল হৈ থকাৰ সময়ত বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্য নগালেণ্ডতো আৰম্ভ হৈছে সবল প্ৰতিবাদ। নাগালেণ্ডত বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব গ্ৰহণ কৰিছে খোদ নাগালেণ্ডৰ গাওঁবুঢ়া ফেডাৰচনে।

সোমবাৰে বিধেয়কখনৰ বিৰুদ্ধে ফেডাৰেচনে দহ ঘন্টীয়া নাগালেণ্ড বন্ধৰ আহ্বান জনাইছে। পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা এই প্ৰতিবাদী কাৰ্যসূচীয়ে সমগ্ৰ ৰাজ্যখনত ব্যাপক সঁহাৰি লাভ কৰাৰ বাতৰি পোৱা গৈছে। চৰাইদেউ জিলাৰ গাঁতে লাগি থকা নাগালেণ্ডৰ মন জিলাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

প্ৰাপ্ত বাতৰি অনুসৰি সোমবাৰে পুৱা জিলাখনৰ সদৰ মন টাউনত গাওঁবুঢ়া ফেডাৰেচনৰ বিষয়ববীয়াসকলে ৰাজপথত ওলাই আহি বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাইজক বন্ধ পালন কৰিবলৈ আহ্বান জনায়। 

গাওঁবুঢ়া ফেডাৰেচন বিষয়ববীয়াসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগৰ খনৰ সকলো ব্যৱসায়ীয়ে প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখি বিধেয়কখনৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধৰ সময় চোৱাত জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয় আদি সম্পূৰ্ণ বন্ধ থকাৰ লগতে যান-বাহনৰ চলাচলো বন্ধ থাকে।

বন্ধৰ সময়ত জিলাখনৰ কোনো ঠাইৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ বাতৰি পোৱা হোৱা নাই। জানিব পৰা মতে আজিৰ বন্ধৰ কাৰ্যসূচীৰ যোগেদি অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে নগা শান্তি চুক্তি ৰূপায়ন কৰিবলৈ গাওঁবুঢ়া ফেডাৰেচনে কেন্দ্ৰীয় চৰকাৰক  দাবী জনাইছে। 

Comments
Loading...