পৰীক্ষাত বহিব নোৱাৰিলে সোণাৰীৰ চাৰি শিক্ষাৰ্থীয়েঃ সম্পূৰ্ণ ভিডিঅ’ চাওক

0 359

ডিজিটেল বিশেষ সংবাদ, সোণাৰীঃ কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ শিক্ষানুষ্ঠানে শিক্ষাদানৰ নামত যে ছাত্ৰ-ছাত্ৰীক লৈ কেৱল ব্যৱসায়হে কৰি আছে সেই কথা বিভিন্ন সময়ত সংবাদ-মাধ্যমত প্ৰকাশ পাই আহিছে। তেনে সময়তে আজিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সোণাৰিৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নোপোৱা খবৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ চৰাইদেউ জিলাখনতে।

উল্লেখ্য যে ৰাজ্যত আজিৰপৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ৰাজ্যৰ আন ঠাইৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিতো এই পৰীক্ষাত অৱতীৰ্ণ হৈছে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল। কিন্তু তাৰ মাজতেই সোণাৰিৰ দিব্যলতা আইডিয়েল একাডেমি নামৰ শিক্ষানুষ্ঠানখনত অধ্যয়ণৰত চাৰিগৰাকী শিক্ষাৰ্থীয়ে এই পৰীক্ষাৰ পৰা বঞ্চিত হোৱাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিক্ষানুষ্ঠানখনত। জানিব পৰামতে দিব্যলতা আইডিয়েল একাডেমিৰ চাৰিগৰাকী পৰীক্ষাৰ্থীয়ে শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এডমিট কাৰ্ড লাভ কৰিবলৈ সষম নহ’ল। যাৰ ফলত অনিচ নেৱাৰ (কলা), ৰাহুল নেওগ (বাণিজ্য) উপেন দাস (কলা), বিনোদ লাহন (কলা)নামৰ এই চাৰিগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হয়।

ইপিনে এই সন্দৰ্ভত আজি শিক্ষানুষ্ঠানখনৰ পৰিচালন সঞ্চালক বিশ্বজিৎ বৰুৱাক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ওলোৱা শিক্ষাৰ্থী কেইগৰাকীৰ অভিভাৱকে যোগাযোগ কৰাৰ পাছতো কোনো সুদূত্তৰ লাভ নকৰাত আজি পুৱাৰে পৰা ছাত্ৰ সংগঠনৰ সহযোগত পৰিচালন সঞ্চালক গৰাকীক এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কিন্তু তাৎপৰ্য্যপূৰ্ণ ভাবে পৰিচালন সঞ্চালক গৰাকীয়ে ভুক্তভোগী শিক্ষাৰ্থী কেইগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ নকৰা বাবেই এডমিট কাৰ্ড লাভ নকৰিল বুলি মিছা অপবাদ জাপি দিয়ে। কিন্তু তেওঁ মিছাৰ আশ্ৰয় লোৱা বুলি অভিভাৱক তথা শিক্ষাৰ্থীকেইগৰাকীয়ে তীব্ৰ প্ৰতিবাদ কৰাত বাৰে বিংকৰা কথাৰে দায় সাৰিবলৈ চেষ্টা কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তেনে সময়তে সোণাৰি আৰক্ষীৰ এটা দল শিক্ষানুষ্ঠানখনত উপস্থিত হৈ পৰিচালন সঞ্চালক বিশ্বজিৎ বৰুৱাক সোণাৰি আৰক্ষী থানালৈ সোধাপোছাৰ বাবে আটক কৰি লৈ আহে।

ইপিনে ব্যক্তিগত খণ্ডৰ এই শিক্ষানুষ্ঠানে চলিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰসমূহ ব্যক্তিগত কাৰণত নিদিয়াকৈ ৰাখি হাৰাশাস্তি কৰা কাৰ্যক সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিয়াৰ লগতে ব্যৱসায়িক মনোবৃত্তিৰে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ওপৰত নজৰ ৰাখিবলৈ দাবী জনায় চৰাইদেউ জিলা প্ৰশাসনক। আনহাতে ব্যক্তিগত লাভালাভৰ বাবে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলা শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে উপযুক্ত তদন্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত দোষীক শাস্তি বিহিবলৈ চৰাইদেউ জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই।

উল্লেখ্য যে এখন শিক্ষানুষ্ঠান স্থাপনৰ বাবে প্ৰয়োজনীয় সা-সুবিধা নোহোৱাকৈ দিনক-দিনে বৃদ্ধি পাইছে একাংশ শিক্ষানুষ্ঠান। সোণাৰি নগৰৰ মাজমজিয়াত মূল পথৰপৰা মাত্ৰ পোন্ধৰ ফুট ব্যৱধানত কোনো ধৰণৰ উপযুক্ত সুবিধা নোহোৱাকৈ দিব্যলতা আইডিয়েল একাডেমি স্থাপনৰ বাবে প্ৰশাসনে কেনেদৰে অনুমতি দিলে তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

Comments
Loading...