ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিধি পথালি দিয়া আদিত্য খাকলাৰীক হুংকাৰ

0 204

অভিজিৎ ভূঞা, সোণাৰীঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিধি পথালি দিয়া জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আদিত্য খাকলাৰী এণ্ড কোম্পানীক তীব্ৰ গৰিহণা দিছে চৰাইদেউ জিলাৰ ছয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই। এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰি ছয় জনগোষ্ঠীয় সংগঠনৰ চৰাইদেউ জিলাৰ নেতৃবৃন্দই কয় যে টাই আহোম জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সমগ্ৰ ৰাজ্যতে যি দাবী উত্থাপন হৈছে সেয়া এক ন্যায্য দাবী আৰু ছয় জনগোষ্ঠীৰ জন্মগত অধিকাৰ। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহব। জাতিকৰণ নোপোৱালৈকে সংগ্ৰাম অব্যাহত থাকিব।

টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক নবদ্বীপ বৰুৱা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি দিগন্ত চাংমাই আৰু সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি সহদেৱ ধানোৱাৰ স্বাক্ষৰিত প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে অসমৰ ছয় জনগোষ্ঠীক তাই আহোম, মৰাণ, মটক, চুতীয়া, কোঁচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ নামত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে চৰম প্ৰতাৰণা কৰি আহিছে। যাৰ ফলশ্ৰুতিত কেইবা দশক ধৰি আন্দোলন কৰিবলগীয়া হৈছে এই ছয় জনগোষ্ঠীয়ে।

শেহতীয়া কৈ বৰ্তমানৰ বিজেপি চৰকাৰে বিষয়টো সমাধানৰ বাবে সংসদত উত্থাপন কৰিছে যদিও বিষয়টো এতিয়াও সন্দেহৰ আৱৰ্তত। কিন্তু মন কৰিব লগীয়া যে জনজাতিকৰণ বিষয়টোৰ সন্দৰ্ভত ট্ৰাইবেল সংঘৰ নেতা তথা ৰাজনৈতিক দালাল আদিত্য খাকলাৰী এণ্ড কোম্পানীয়ে বিভিন্ন সময়ত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰাৰ লগতে এই ভূ খণ্ডত বসবাস কৰা জাতি-জনজাতিৰ মাজত বিভেদ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে, কিন্তু জনজাতিকৰণ আদিত্য খাকলাৰীৰ পৈতৃক সম্পত্তি নহয় যে তেওঁলোকে বিৰোধিতা কৰিব। ছয় জনগোষ্ঠীয় সংগঠনৰ চৰাইদেউ জিলা সমিতিৰ নেতৃত্বই আদিত্য খাকলাৰী এণ্ড কোম্পানীৰ এনে কাৰ্যক তীব্ৰ ধিক্কাৰ দিয়াৰ লগতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ প্ৰেছ বিবৃতিৰ জৰিয়তে অন্তিম বাৰৰ বাবে সকীয়াই দিয়ে। আনহাতে চৰাইদেউ জিলাত আদিত্য খাকলাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰা বুলি ঘোষণা কৰে।

Comments
Loading...