সোণৰ বিস্কুত চুৰিঃ এছ আই নিপু কলিতাৰ গাড়ী উদ্ধাৰ

0 134

ডিজিটেল ডেস্কঃ সোণৰ বিস্কুট চুৰিৰ অভিযোগত অভিযুক্ত দিছপুৰ থানাৰ এছ আই নিপু কলিতাৰ চাৰিচকীয়া বাহন উদ্ধাৰ কৰিছে৷ বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত জোপাদং ভাওনীৰ এঘৰত উদ্ধাৰ কৰা হৈছে বাহনখন৷ বাক্সা আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ কৰিছে কলিতাৰ ইক’ স্প’ৰ্টছ বাহনখন। ইতিমধ্যে সোধা–পোছাৰ বাবে বাগানপাৰাৰ দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে৷

ইপিনে দিছপুৰ আৰক্ষীৰ জালত পৰিল দুই অবৈধ সোণ সৰবৰাহকাৰী। আৰক্ষীৰ জালত পৰিছে ৱাহিদুৰ ৰহমান আৰু ৱাহাজুদ্দিন ৰহমান নামৰ সৰবৰাহকাৰী দুটা। ছয়মাইলৰ এটা লজৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে। দুয়োৰে পৰা এছ আই নিপু কলিতাই ডকাইতি কৰিছিল ৬০খন সোণৰ বিস্কুট। বৰ্তমানো পলাতক হৈ আছে এছ আই কলিতা নিপু কলিতা।

Comments
Loading...