আজি ৰাজ্যসভাত উত্থাপন হব জাতিধ্বংসী বিধেয়ক

0 139

ডিজিটেল ৰিপৰ্টঃ আজি সংসদৰ বাজেট অধিৱেশনৰ অন্তিম দিন। আজি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ পূৰ্ণ সম্ভাৱনা আছে। চল–চাতুৰিৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত কৰাৰ চেষ্টা চলাব কেন্দ্ৰীয় চৰকাৰে। আজিৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্ত আছে বিতৰ্কিত বিধেয়কখন উত্থাপনৰ কথা।

ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিধেয়কখন উত্থাপন কৰাৰ কথা। মঙলবাৰে বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ বাবে উত্থাপন কৰিব নোৱাৰিলে জাতিধ্বংসী বিধেয়কখন। অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় বিধেয়ক উত্থাপনৰ উল্লেখ নাই আজিৰ কাৰ্যক্ৰমণিকাত। ৰাজ্যসভাৰ অধিৱেশনৰ দিন বৃদ্ধিৰ সম্ভাৱনা আছে।

 

Comments
Loading...