কামৰ নামত ৰাম ঠগনঃ এশ মিটাৰ কাম কৰোঁতে সময় লয় ১০ মাহ

0 88

ডিজিটেল বিশেষ সংবাদ, ৰহাঃ উন্নয়নৰ অলেখ প্ৰতিশ্ৰুতিৰে যোৱা বিধান সভা নিৰ্বাচনত ৰাজ্যৰ শাসনভাৰ বিজেপিয়ে কান্ধ পাতি লোৱাৰ লগতে ৮২ নং ৰহা সমষ্টিটো বিজেপিয়ে দখল কৰি সমষ্টিটোৰ বিধায়ক ডিম্বেশ্বৰ দাসে প্ৰতিশ্ৰুতি অনুযায়ী সমষ্টিটোৰ বিভিন্ন ঠাইত উন্নয়নমূলক কাম তৰান্বিত কৰি তোলে যদিও বিভাগীয় তদাৰকৰ হেমাহি বাবে ৰহা সমষ্টিৰ সদৰ ৰহা নগৰৰ ৫ নং ৱাৰ্ডৰ ৰহা বনোৱা গাঁৱৰ একমাত্ৰ পথটো আজিও সম্পূৰ্ণ হৈ নুঠিল।

জানিব পৰা মতে যোৱা বছৰৰ ২৬ এপ্ৰিলত স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে আধাৰশিলা স্থাপন কৰে। বিভাগীয় বহুকেইজন বিষয়াৰ উপস্থিতিত কৰা আধাৰশিলা স্থাপন অনুষ্ঠানত গাঁওখনৰ যথেষ্ট সংখ্যক ৰাইজ উপস্থিত আছিল। বছৰৰ পিছত বছৰ ধৰি কোনো ধৰণৰ উন্নয়নৰ মুখ নেদেখা পথটো আধুনিক চিচি ব্লক ব্যৱস্থাৰে নিৰ্মাণ কৰা হ’ব বুলি বিধায়ক গৰাকীয়ে বক্তব্য প্ৰদান কৰাত ৰাইজ উৎফুল্লিত হৈ পৰে যদিও বিগত প্ৰায় ১০ মাহত মাত্ৰ এশ মিটাৰ কাম কৰি পেলাই থোৱাত ৰাইজ ক্ষোভিত হৈ পৰে।

প্ৰায় তিনিশ মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ উন্নয়নৰ নামত বিগত দিনবোৰত কেতিয়াবা ৰুলাৰ নাই, কেতিয়াবা শ্ৰমিক নাই, কেতিয়াবা বালি নাই বুলি বিভিন্ন অজুহাতত ঠিকাদাৰে কামটো পেলাই থোৱা সত্বেও সমানে মৌন হৈ ধৃতৰাষ্ট্ৰৰ ভাও দিয়াত ব্যস্ত বিভাগীয় বিষয়া সকল। ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ গাঁওখনৰ এক মাত্ৰ পথটো উন্নয়নৰ নামত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্ম কাণ্ডৰ বাবে পথটো কেতিয়া নিৰ্মাণ সম্পূৰ্ণ হ’বগৈ তাৰ কোনো নিশ্চয়তা নাই বুলি ৰাইজে মত প্ৰকাশ কৰিছে।

Comments
Loading...