বিধেয়ক উত্থাপন নোহোৱাত বিজয়োৎসৱ পালন চৰাইদেউতঃ চাওক ভিডিঅ’

0 246

সোণাৰিৰপৰা অভিজিৎ ভূঞাঃ আজি ৰাজ্যসভাত উত্থাপন নহ’ল বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬। ৰাজ্যৰ সচেতন মহলে জাতিধ্বংসী বুলি অভিহিত কৰা বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পাছতেই ৰাজ্যত উঠিল আনন্দৰ লহৰ। বিগত কিছুমাহ ধৰি আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম যুৱ পৰিষদকে ধৰি ৰাজ্যৰ শতাধিক দল সংগঠনৰ লগতে সচেতন জনতাই বিৰোধিতা কৰা বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাত একপ্ৰকাৰ স্বস্তিৰ নিশ্বাস পেলালে সকলোৱে।

ইফালে এই আনন্দৰ ক্ষণটোক স্মৃতি হিচাপে ৰাখিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিৰাজ কৰিলে উৎসবমুখৰ পৰিৱেশে। ব্যতিক্ৰম নহ’ল চৰাইদেউ জিলাৰ সদৰ সোণাৰি। সোণাৰিত টাই আহোম যুৱ পৰিষদ অসম, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিধেয়ক বিৰোধী বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাই পালন কৰিলে বিজয় উৎসৱ। সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত শিৱ মন্দিৰ তিনি আলিত আজি দুপৰীয়া  ফটকা-আতচবাজী জ্বলোৱাৰ লগতে, বিহু গাই-নাচি বিজয় উৎসৱ পালন কৰাৰ লগতে এই বিধেয়ক আজি ৰাজ্যসভাত উত্থাপন নোহোৱাতো ৰাজ্যৰ জনসাধাৰণৰ বাবে অতি সুখবৰ বুলি মন্তব্য কৰে সকলোৱে।

ইপিনে জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি সোণাৰি নগৰ উত্তাল কৰিলে চাহ শ্ৰমিক জনসাধাৰণে। অসম চাহ মজদুৰ সংঘ,সোণাৰি শাখা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সোণাৰি শাখা আৰু অসম চাহ জনগোষ্ঠীয় মহাসভাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিত এক প্ৰতিবাদী গণ সমাবেশ আৰু সমদল যাত্ৰাৰে অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ লগতে চাহ জনগোষ্ঠী আদিবাসীৰ সকলো জাতি-উপজাতিৰ জনজাতিকৰণৰ দাবীত উত্তাল প্রতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে চাহ জনগোষ্ঠীয় লোকসকলে।

Comments
Loading...