আজি ৭০ সংগঠনৰ বিজয় উত্সৱ

0 120

ডিজিটেল ডেস্কঃ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত নোহোৱাৰ খবৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক উল্লাহিত কৰি তুলিছে। বিগত আঢ়ৈ বছৰজোৰা সংগ্ৰামৰ অন্ততঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে সাব্যস্ত কৰিলে ঐতিহাসিক বিজয়। আছু, নেছকে ধৰি ৭০ জাতীয় সংগঠনৰ প্ৰতিবাদ আৰু প্ৰচেষ্টাৰ অন্ততঃ ৰাজ্যসভাত বিৰোধীৰ প্ৰৱল বিৰোধিতাত উত্থাপন কৰিব নোৱাৰিলে বহু বিতৰ্কিত বিধেয়কখন।

ইপিনে আজি আজি ৭০টা জাতীয়–জনগোষ্ঠীয় সংগঠনে গুৱাহাটীত পালন কৰিব বিজয়োল্লাস। ইতিমধ্যে ৰাজ্যসভাত বিধেয়ক উত্থাপন কৰিব নোৱাৰাত সমগ্ৰ অসম তথা উত্তৰ–পূবত বিৰাজ কৰিছে আনন্দমুখৰ পৰিৱেশ। গুৱাহাটী ক্লাৱত সহস্ৰাধিকে বিজয় উত্সৱ পালন কৰিব বুলি জানিব পৰা গৈছে।

Comments
Loading...