পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰি

0 61

ডিজিটেল ৰিপৰ্টঃ আজিৰে পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৮৫৭টা কেন্দ্ৰত অনুস্থিত হ’বলগীয়া এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩ লাখ ৫২ হাজাৰ ১৪৩ গৰাকী পৰীক্ষাৰ্থী। প্ৰতিটো কেন্দ্ৰত এইবাৰ চিচিটিভি বাধ্যতামূলক কৰিছে ছেবাই। ছেবাই বাতিল কৰিব চিচিটিভি নথকা পৰীক্ষা কেন্দ্র।

প্ৰতিটো পৰীক্ষা কেন্দ্ৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা। কেন্দ্ৰৰ ৫০মিটাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। প্ৰথমবাৰৰ বাবে উত্তৰ বহীত থাকিব বাৰক’ড। স্পৰ্শকাতৰ অঞ্চলত নিয়োগ কৰা হৈছে ফ্লায়িং স্কোৱাড। পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক’লা চিয়াহী।

তদুপৰি পৰীক্ষা কেন্দ্ৰত মোবাইল, ইলেকট্ৰ’নিক ঘড়ী নিষিদ্ধ কৰা হৈছে। বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীলৈ এইবাৰ অতিৰিক্তভাৱে দিয়া হ’ব এঘণ্টাকৈ সময়। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰতো থাকিব জামাৰ। পৰীক্ষাৰ সময়ছোৱাত বন্ধ নিদিবলৈ দল–সংগঠনক আহ্বান ছেবাৰ।

Comments
Loading...