ডিব্ৰুগড় জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ অধিৱেশন সম্পন্ন

0 125

ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। পুৱা সন্থাৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি হিৰন‍্য গোহাঁই সেনাপতিয়ে। স্মৃতি তৰ্পণ কৰে ডিব্ৰুগড় জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক তৰঙ্গকল্লোল শইকীয়াই। ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ৰ প্ৰতিনিধি সকলৰ উপস্থিতিত পুৰণা সমিতি ভঙ্গ হয় আৰু নতুন সমিতি গঠন হয়।
বিষয়বাচনি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক জয়ন্ত চুতীয়া। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম মাধ‍্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা, বিশিষ্ট অতিথি ৰাম ৰাজকোঁৱৰ প্ৰাক্তন জিলা সম্পাদক তথা অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ, নাহৰকটীয়া উচ্চতৰ মাধ‍্যমিক বিদ্যালয়। সভাত সন্থাৰ কেইবাজনো ব‍্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
ইপিনে বিষয় বাছনি সভাত প্ৰদীপ চাংমাইক সভাপতি, টংকেশ্বৰ গগৈক সম্পাদক, দেবেন চেতিয়া, পদ্ম ৰাজকোঁৱৰক উপ-সভাপতি, সঞ্জয় দত্ত, উৎপল গগৈক ৰাজ‍্যিক সদস্য, ৰূপজ‍্যোতি কোৱঁৰক সহকাৰী সম্পাদকক লৈ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।

Comments
Loading...