চুলাই ট্ৰেজেদীঃ গোলাঘাট আৰু যোৰহাটৰ সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ

0 71

ডিজিটেল ৰিপ’ৰ্টঃ বিষাক্ত সুৰাপান কৰি শতাধিকৰ মৃত্যুৰ ঘটনাৰ পিছতে তৎপৰতা বৃদ্ধি পাইেছ ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ জিলাই জিলাই সুৰাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষী আৰু আৱকাৰী বিভাগে। ইপিনে আজি আজি গোলাঘাট আৰু যোৰহাটৰ বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষী আৰু আৱকাৰী বিভাগে ৪২ গৰাকী সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা কৰিছে।

গোলাঘাটত আজি এই তথ্য দাঙি ধৰিছে ৰাজ্য আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই। সংবাদ-মাধ্যমৰ আগত আৰক্ষী সঞ্চালকপ্ৰধান শইকীয়াই কয় যে, লালী গুড়ৰ ব্যৱসায়ীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব। বিষয়টো প্ৰমাণ হ’লে দোষীয়ে উপযুক্ত শাস্তি পাবই।

গোলাঘাটত অনুষ্ঠিত হোৱা শীৰ্ষ আৰক্ষী বিষয়াৰে বৈঠকৰ অন্তত আৰক্ষী সঞ্চালকপ্ৰধান শইকীয়াই এই মন্তব্য প্ৰদান কৰে। ইপিনে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে গোলাঘাট জিলা হাস্পতালত উপস্থিত হৈ চিকিত্সাধীন লোকৰ চিকিত্সা আৰু স্বাস্থ্যৰো বুজ লয়।

Comments
Loading...