চুলাই কাণ্ডত কিমানক গ্ৰেপ্তাৰ?

0 87

ডিজিটেল ডেস্কঃ গোলাঘাটত সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। আজি পুনৰ ৮ জন সুৰা ব্যৱসায়ীসহ এইপৰ্যন্ত ২৯ জনক গ্ৰেপ্তাৰ কৰিছে গোলাঘাট আৰক্ষীয়ে। মেৰাপানীৰ চেনীমাই বৰা, তিলেশ্বৰ কছাৰী, ৰেৱ গগৈ, যতীন গগৈ, যোগীবাৰীৰ হেমন্ত গগৈ, লুলু ফুকন, আইটনীয়া মিৰি গাঁৱৰ বিজিত বৰা আৰু জুৰীয়া দলঙৰ পিংকু গোহাঁই নামৰ সুৰা ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আনপিনে ২৪ ফেব্ৰুৱাৰীতো ১৯ জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই সুৰা ট্ৰেজেডীৰ মূল অভিযুক্ত লালচৰণ আগৰৱালা আৰু অনিল গুপ্তাক। গোলাঘাট আৰক্ষীৰ ভূমিকাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Comments
Loading...