৫০ শতাংশ সুৰাপায়ীৰ পত্নীয়ে ভোট দিব বিজেপিয়ে

0 140

ডিজিটেল ডেস্কঃ অসমক সুৰামুক্ত ৰাজ্য ঘোষণা কৰাৰ আহ্বান জনাইেছ বিজেপিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই।পহিলা মাৰ্চৰ পৰাই ইয়াক কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতিও আহ্বান জনাইছে তেজপুৰৰ বিজেপিৰ সাংসদগৰাকী।

তেজপুৰত আজি সাংসদ শৰ্মাই কয় যে, সামাজিক হত্যাৰে ৰাজহ বৃদ্ধি কৰা অনুচিত। আন উপায়েৰে ৰাজ্য চৰকাৰে ৰাজহ বৃদ্ধি কৰক।

ইপিনে কৃষ্ণভক্ত মুখ্যমন্ত্ৰী সোণোৱালক সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰো আহ্বান জনাইছে সাংসদগৰাকী। সুৰামুক্ত ৰাজ্য ঘোষণা কৰিলে লাভান্বিত হ’‍ব বিজেপি। আগন্তুক লোকসভা নিৰ্বাচনত ৫০% সুৰাপায়ীৰ পত্নীয়ে ভোট দিব বিজেপিৰ প্ৰাৰ্থীক। সুৰাপায়ীৰ পৰিয়ালৰ ৯০% ভোট বৃদ্ধি পাব বুলি মন্তব্য কৰে আৰ পি শৰ্মাই।

Comments
Loading...