মুখ্যমন্ত্ৰীৰ ক্ৰীড়া বঁটা প্ৰদান

0 43

ডিজিটেল ডেস্কঃ মহানগৰীৰ সৰুসজাইত আজি ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰী ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰা হয়। নবীন চন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠানত ১৬গৰাকী কৃতী খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা হয় বঁটা।

ফুটবলাৰ প্ৰাঞ্জল ভূমিজ, হলিচৰণ নাৰ্জাৰী, বাওৰিদাও বডোছা, বিনীত ৰাই, ক্ৰিকেটাৰ ৰিয়ান পৰাগ আৰু তৃষা গগৈসহ মুঠ ১৬গৰাকী খেলুৱৈক সন্মানিত কৰা হয় অনুষ্ঠানত। লগতে জয়ন্ত বড়োক শ্ৰেষ্ঠ ক্ৰীড়া সংগঠকৰ বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত ৩ লাখ টকাৰ সাহায্য আগবঢ়োৱা হয় মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী তৰুণ শইকীয়ালৈ। ইপিনে অসুস্থ হৈ চিকিত্সাধীন হৈ থকা শইকীয়াৰ চিকিত্সাৰ বাবে সাহায্য প্ৰদান কৰিছে ৰাজ্যৰ ক্ৰীড়া বিভাগে।

ইপিনে আজি ভোগেশ্বৰ বৰুৱা ৰাজ্যিক ক্ৰীড়া বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। সৰুসজাইত মুখ্যমন্ত্ৰী সোণোৱালে স্থাপন কৰে আধাৰশিলা। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত আছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাও। সৰুসজাইৰ ২০ বিঘা ভূমিত স্থাপন হ’ব ৰাজ্যিক ক্ৰীড়া বিদ্যালয়খন।

Comments
Loading...