ৰহাত বাহনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

0 43

ডিজিটেল বিশেষ সংবাদ, ৰহাঃ দেওবাৰৰ নিশা ৰহা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জাতীয় ঔষধ। আটক কৰিলে বাহাৰুল আলম নামৰ এজন সৰবৰাহকাৰী। প্ৰাপ্ত তথ্যমতে ৰহা আৰক্ষীয়ে নিশা এক খবৰৰ ভিত্তিত গুৱাহাটীৰ পৰা নগাঁৱলৈ এ এথ ০১ বি এ ৭৩৮৪ নম্বৰৰ এখন ডাষ্টাৰ গাড়ীৰে নিষিদ্ধ ড্ৰাগছজাতীয় সামগ্ৰী আনি থকাৰ সম্ভেদ লাভ কৰি গাড়ীখন ৰ’বলৈ নিৰ্দেশ দিয়ে কিন্তু গাড়ীখনে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰে যদিও ৰহাৰ দীঘলিআঁটিত ডিভাইদাৰত খুন্দা মাৰি গাড়ীখন ৰৈ যায়।

তাৰ পিছতেই চালক বাহাৰুল আলমে পলাবলৈ চেষ্টা কৰে যদিও ৰহা আৰক্ষীয়ে বাহাৰুলক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে গাড়ীৰপৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ চালক বাহাৰুলক আৰক্ষীয়ে সোধপোছ কৰাত গাড়ীখন আব্দুল জলিল মিৰ নামৰ এটা ড্ৰাগছ বেপাৰীৰ বুলি জানিব পৰা যায়৷

উল্লেখ্য যে, আব্দুল জলিল মিৰক কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰু জ্বলিলে বৰ্তমান জেলৰপৰাই নিচাজাতীয় দ্ৰব্যৰ বেহা চলাই আহিছে৷ ইতিমধ্যে ৰহা আৰক্ষীয়ে দুয়োজনৰ বিপক্ষে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Comments
Loading...