ৰহাৰ বিদ্যালয়ত পুনৰ চুৰিকাণ্ড

0 36

ডিজিটেল বিশেষ সংবাদ, ৰহাঃ ৰহাৰ বিদ্যালয়সমূহত সঘনে সংঘটিত হৈছে চুৰিকাণ্ড। তিনিদিন পূৰ্বে ৰহাৰ সুকুমাৰী প্ৰাথমিক বিদ্যালয়ত চোৰে উপদ্ৰৱ চলোৱাৰ পিছত যোৱা নিশা চোৰে ৰহাৰ আদৰ্শ শিশু বিকাশ কেন্দ্ৰত চলালে লুটপাট। নিশা চোৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ কাৰ্যালয়ৰ দুৱাৰৰ তলা ভাঙি ভিতৰত সোমাই আৰু লকাৰৰ তলা ভাঙি লক্ষাধিক টকা লুটি নিয়ে।

এই টকাখিনি আছিল ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া মাছুল। পুৱা বিদ্যালয় খুলাৰ পিছত চুৰিকাণ্ডৰ কথা পোহৰলৈ অহাত ৰহা আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। ইপিনে ৰহাত বিদ্যালয়, মন্দিৰ, নামঘৰ আদিত সঘনে চুৰিকাণ্ড সংঘটিত হৈ থকা কাৰ্যই উদ্বিগ্ন কৰিছে সচেতন মহলক।

Comments
Loading...