অসমৰে যাতায়াত বন্ধ কৰি দিয়াৰ ভাবুকি

অৰুণাচলত তাই আহোম জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্তক লৈ ক্ষুব্ধ আটাছু

0 382

বিপুল মেধি, ৰহাঃ তাই আহোম জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰৰ পৰা বঞ্চিত কৰাৰ অৰুণাচল চৰকাৰৰ সিদ্ধান্তত সম্প্ৰতি জাঙুৰ খাই উঠিছে সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু৷ প্ৰকাশ যে, শেহতীয়াভাবে অৰুণাচল চৰকাৰে ৰাজ্যখনত বসবাস কৰি অহা মৰাণ আৰু দেউৰী জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰিছে৷ কিন্তু অৰুণাচল প্ৰদেশ গঠন হোৱাৰ বহু আগৰে পৰা ৰাজ্যখনক বসবাস কৰি অহা তাই আহোম জনগোষ্ঠীকহে এই প্ৰমান পত্ৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে চৰকাৰখনে৷
সেয়ে মৰাণ আৰু দেউৰীসকলৰ প্ৰতি লোৱা ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাইছে যদিও তাই আহোমসকলকহে ইয়াৰ পৰা বঞ্চিত কৰিব বিচৰাত ক্ষুভিত হৈ পৰিছে আটাছু৷ এক বিবৃতিৰ জৰিয়তে সংগঠনটোৰ সভাপতি চাও মনোজ গগৈয়ে জানিবলৈ দিয়া মতে, অৰুণাচল প্ৰদেশৰ পূৱ প্ৰান্তৰ বিশেষকৈ নামচাই, টিৰাপ, লোহিত আৰু চাংলাং জিলাত বসবাস কৰা তাই আহোম জনগোষ্ঠী ৰাজনৈতিক,সামাজিক আৰু অৰ্থনৈতিক দিশত যথেষ্ট পিছ পৰি আছে৷

সেয়ে এইসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাটো অতিকে জৰুৰী৷ যি হেতু এই অঞ্চলবোৰত তাই আহোমসকল মৰাণ আৰু দেউৰীসকলৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ সৈতে বছৰ বছৰ ধৰি ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ মাজেৰে বসবাস কৰি আহিছে,তেনে স্থলত অৰুণাচল চৰকাৰে তাই আহোমসকলক স্থায়ী প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰ বাবে লোৱা সিদ্ধান্তই জনগোষ্ঠীসমূহৰ মাজত বিভেদৰহে সৃষ্টি কৰিব। গতিকে জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোয়ে তাই আহোমসকলকো এই প্ৰমান পত্ৰ প্ৰদানৰ দাবী জনাইছে।

অন্যথা তাই আহোম জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰি নিৰ্বাচনত জয়ী কৰোৱা অৰুণাচল চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে পৰবৰ্তী সময়ত ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি বিবৃতিটোৰ জৰিয়তে সকিয়াই দিছে সংগঠনটোৰ সভাপতি গৰাকীয়ে৷

ইফালে চৰকাৰখনৰ সিদ্ধান্তৰ বিৰোধিতা কৰি অৰুণাচল প্ৰদেশৰ সদৰ ঠাই ইটানগৰত প্ৰতিবাদৰ নামত সৃষ্টি কৰা হিংসাত্মত ঘটনাক আটাছুয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুষ্কৃতিকাৰীসকলক কৰায়ত্ত কৰিবলৈ দাবী জনাই বিবৃতিটোত লগতে আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ভাগ ল’বলৈ যোৱা শিল্পী-কলাকুশঁলীসকলৰ যি ক্ষয়-ক্ষতি হ’ল সেইবোৰ সাত দিনৰ ভিতৰত চৰকাৰক প্ৰদান কৰিবলৈ সময়সীমা বান্ধি দিছে ছাত্ৰ সংগঠনটোয়ে।

যদিহে তাই আহোমসকলক স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ প্ৰদানকে ধৰি সমুদায় দাবী শীঘ্ৰে পূৰণ নকৰে তেন্তে অসমৰ জনসাধাৰণৰ সহযোগত অনাগত দিনত অসমৰ মাজেৰে অৰুণাচলৰ যাতায়াত ব্যৱস্থা অনিৰ্দিষ্ট কাললৈ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ছাত্ৰ সংগঠনটোয়ে৷

Comments
Loading...