খানাপাৰাৰ জনসভাত ৰাহুলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি

0 95

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মুহূৰ্ততে আজি গুৱাহাটীত নিৰ্বাচনী ৰণশিঙা বজালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী। গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হোৱা জনসভাত ৰাহুল গান্ধীয়ে দিলে কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি। ভাষণৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে সুৰা ট্ৰেজেডীত শতাধিকৰ মৃত্যুত শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। 

আনহাতে পুলৱামা ঘটনাত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছৰ সভাপতিগৰাকী। ইপিনে কালি পুৱতি নিশা পাকিস্তানৰ ওপৰত আক্ৰমণ চলোৱা পাইলটক অভিনন্দন জনায় ৰাহুলে। নিজৰ ভাষণত ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয় যে, ‘নাগপুৰে শুনক, মোহন ভাগৱতে শুনক, মোদীজীয়ে শুনক।’ তেওঁ লগতে 

উত্তৰ পূবৰ সভ্যতা-সংস্কৃতিৰ ওপৰত আক্ৰমণ হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি বিজেপিয়ে ক্ষমতালৈ আহিয়েই উত্তৰ পূবৰ বিশেষ মৰ্যাদা কৰ্তন কৰিলে বুলিও কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কটাক্ষ কৰে। 

ইপিনে কংগ্ৰেছ ক্ষমতালৈ আহিলেই বিশেষ মৰ্যাদা পুনৰ প্ৰৱৰ্তন কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাহুলে। কংগ্ৰেছ সভাপতিগৰাকীয়ে নিজৰ ভাষণত আৰু  কয় যে, ‘উত্তৰ-পূব ঔদ্যোগিক নীতি বন্ধ কৰিছিল। আমি ক্ষমতালৈ আহিলে ঘূৰাই দিম। বন্ধ হৈ থকা জাগীৰোড কাগজ কল পুনৰ কাৰ্যক্ষম কৰিম। অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধান কৰা হ’‍ব। 

উল্লেখযোগ্য যে, আজি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী গুৱাহাটীত উপস্থিত হৈয়েই পোনে পোনে ৰাওনা হয় এপ’ল হাস্পতাললৈ। হাস্পতালত অৰুণাচলত নিৰ্যাতিত লোকসকলৰ অৱস্থাৰ বুজ ল’লে। ৰাহুল গান্ধীক সংগ দিয়ে হৰিশ ৰাৱট আৰু ৰিপুণ বৰাই। ইয়াৰ পিছতে এপ’লৰ পৰা পোনে পোনে ৰাওনা হয় খানাপাৰাৰ জনসভালৈ। বুথকৰ্মীৰ এখন বিশাল সভাত সম্বোধন কৰি বিয়লি কলাক্ষেত্ৰত NECCCৰে মিলিত হ’ব বৈঠকত। সন্ধিয়া পুনৰ দিল্লীলৈ উভতিব কংগ্ৰেছ সভাপতিজন।

 

Comments
Loading...