সুৰা ট্ৰেজেদীত মৃত্যুৰ সংখ্যা বৃদ্ধি

0 47

ডিজিটেল ৰিপৰ্টঃ বিষাক্ত সুৰাপান কৰি ৰাজ্যত এইপৰ্যন্ত ১৫৯জনৰ মৃত্যু হৈছে। গোলাঘাটত আজি আৰু এগৰাকী মহিলাৰ মৃত্যু হয়। থুৰামুখ কাঠকটীয়া গাঁৱত ঘৰ দিপালী হাজৰিকা নামৰ মৃত মহিলাগৰাকীৰ। গোলাঘাটত এইপৰ্যন্ত ৬০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰত এইপৰ্যন্ত মৃত্যু হৈছে ৭৮জন লোকৰ। 

কেৱল যোৰহাট জিলাত মৃত্যু হৈছে ৬১জন লোকৰ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা ৩৯জন লোক গোলাঘাট জিলাৰ। হাস্পতালখনত মৃত্যু হোৱা ৩৯জন বৰহোলাৰ বাসিন্দা। বিনা চিকিত্সাই বৰহোলাত মৃত্যু হৈছে ২০জন লোকৰ।

Comments
Loading...