বিজেপিৰে মিত্ৰতাক লৈ হোৱা বৈঠকত কি সিদ্ধান্ত ল’লে অগপই

0 210

ডিজিটেল সংবাদঃ সমাগত লোকসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈ আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অগপ বিধায়িনী আৰু নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত বিজেপিৰে মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত নহ’ল। বৈঠকৰ অন্তত এই কথা জনালে বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই। অগপই কোন কোন সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাক লৈ আলোচনা কৰা হৈছিল বৈঠকত। দহটা সমষ্টিৰ প্ৰাৰ্থী তালিকাক লৈ আলোচনা কৰে। আনহাতে মিত্ৰতাক লৈ কোনো সিদ্ধান্ত লোৱা নাই নীতি নিৰ্ধাৰণ সমিতিয়ে। মঙলবাৰে পুনৰ অনুষ্ঠিত হ’ব অগপৰ বৈঠক।

বৈঠকৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে, ‘অগপৰ বৈঠকত মিত্ৰতাক লৈ নহ’ল সিদ্ধান্ত। অগপই কাৰো লগত মিত্ৰতা বিচৰা নাই। আমি নিজে অগপক শক্তিশালী কৰাৰ চেষ্টা কৰিছো বুলিও মন্তব্য কৰে মহন্তই।

Comments
Loading...