৩০ মাৰ্চত সাংবাদিক সুৰক্ষা মঞ্চৰ সম্বৰ্ধনা অনুষ্ঠান

0 187

ডিজিটেল সংবাদঃ সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অহা ৩০ মাৰ্চত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে।ডিব্ৰুগড় জিলা লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা সাংবাদিক, কবি, সমাজ সংগঠক, শিল্পী সহ ২৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই।

মঞ্চই সম্বৰ্ধনা জনাবলগীয়া ব্যক্তিসকল ক্ৰমে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক কবীৰ শইকীয়া, ডিকমৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন্দ্ৰ নাথ সন্দিকৈ, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ সম্পাদক আদিত্য শইকীয়া, দৈনিক গণ অধিকাৰ কাকতৰ সাংবাদিক নেকিব আহমেদ, দৈনিক জনমভূমি কাকতৰ সাংবাদিক ৰমেশ হাজৰিকা, ধৰণী গগৈ, ভি এণ্ড এছৰ সাংবাদিক মুক্তামনি হাজৰিকা, নিউজ লাইভৰ সাংবাদিক সুৰজ দত্ত, প্ৰতিদিন টাইমৰ সাংবাদিক দেৱজিৎ চুতিয়া, প্ৰাগ নিউজৰ সাংবাদিক হোমেন ফুকন, ফটো সাংবাদিক বিশ্বজিৎ ফুকন, বিশিষ্ট কবি দিলীপ কুমাৰ বৰুৱা, উজনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া, উদীয়মান কণ্ঠশিল্পী ৰাগদীপ চেতিয়া, বিশ্বজিৎ খাটোৱাল, বিনা বেতনে শিক্ষকতাৰে অৱসৰ গ্ৰহণ কৰা শিক্ষক বীৰেণ ফুকন, চাবুৱাৰ বিশিষ্ট চিকিৎসক ডাঃ সৌৰভ বুঢ়াগোহাঁই।

একেদৰে অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতি অহাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে গাঁৱৰ পৰা নগৰ-চহৰ, দিছপুৰ-দিল্লী আদিত আন্দোলনৰ সবল ভূমিকা গ্ৰহণ কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণ জ্যোতি মৰাণ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰ, সদৌ অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁই, টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি লোহিত গগৈ, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, লাহোৱালৰ ক্ৰীয়া সংগঠক কৃষ্ণ তামুলী আৰু চাহ জনগোষ্ঠীৰ সংগঠক দয়ানন্দ শ্বাহক সম্বৰ্ধনা জনোৱা হ’ব বুলি জনাইছে।

Comments
Loading...