নিৰ্বাচনী বিধি উলংঘা নকৰিবলৈ আহ্বান জিলা উপায়ুক্তৰ

0 108

ডিজিটেল সংবাদ, বাক্সাঃ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতে নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন৷ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ তিনিটা বিধানসভা সমষ্টিত ভোটদান শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে জিলা প্ৰশাসনে৷

অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগা কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদান অনুষ্ঠিত হব বুলি এক সংবাদমেলযোগে জানিবলৈ দিছে। সংবাদমেলত প্ৰাৰ্থী তথা ৰাজনৈতিক দলক নিৰ্বাচনী বিধি উলংঘা নকৰিবলৈ আহ্বান জনাইছে বাক্সা জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুৱে। লগতে নিৰ্বাচনী প্ৰচাৰ সভা, সমদল, সংবাদ মাধ্যমত প্ৰাৰ্থীৰ বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত থকা নীতি-নিয়মসমূহ উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে।

Comments
Loading...