আজি বিজেপিত যোগ দিব কংগ্ৰেছৰ দুই প্ৰভাৱশালী নেতাই

0 376

ডিজিটেল সংবাদঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছত আৰম্ভ হৈছে খহনীয়া। বিশেষকৈ প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাটে তীব্ৰতৰ ৰূপ লৈছে দেশৰ অন্যতম বিৰোধী দলটোক। ইয়াৰ মাজতে বিজেপিত যোগদানৰ সম্ভাৱনা আছে কংগ্ৰেছৰ দুই প্ৰভাৱশালী নেতাই। ‘বৰাকৰ ৰজা’ তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়ে আজি বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে।

একেদৰে কংগ্ৰেছৰ আন এগৰাকী প্ৰভাৱশালী নেতা তথা প্ৰাক্তন সাংসদ কিৰিপ চলিহাইয়ো বিজেপিত যোগদান কৰিব পাৰে। মহানগৰীৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আজি এক সংবাদমেলৰ আয়োজন কৰিছে। সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিত যোগদানৰ সম্ভাৱনা আছে কংগ্ৰেছৰ এই দুই প্ৰভাৱশালী নেতাই।

Comments
Loading...