পেট্ৰল পাম্পত ডকাইতিঃ এন এছ ইউ আই কৰ্মীক আটক

0 215

ডিজিটেল ডেস্কঃ ট্ৰ’ল পাম্পত ডকাইতি কৰিবলৈ আহি জালত পৰিল ৩ এন এছ ইউ আই কৰ্মী। মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ সমীপত থকা ৰাজ চাৰ্ভিছ নামৰ পেট্ৰ’ল পাম্পত নিশা ৰ’ড, লাঠী লৈ ডকাইতি কৰিবলৈ আহি গ্ৰেপ্তাৰ হল ৩ এন এছ ইউ আই কৰ্মী। জানিব পৰামতে পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীক গতিয়াই বাহিৰ কৰি দি কেচ কাউণ্টাৰত থকা ধন লুট কৰাৰ চেষ্টা কৰিছিল। ধন লৈ পলাব খোজোতে পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে তিনিওকে আবদ্ধ কৰি ৰাখে। পিছত বশিষ্ঠ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে তিনিওকে।

ধৃত হাতীগাঁৱৰ নাচিৰুদ্দিন আহমেদ, গীতানগৰৰ ধীৰাজ নাথ আৰু মঙলদৈৰ প্ৰাঞ্জল হাদি বুলি জানিব পৰা গৈছে। ইপিনে নিশাই তিনিওজনৰ বিৰুদ্ধে থানাত গোচৰ তৰিছে পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে। বিজেপি নেতা হৰি প্ৰসাদ দিহিঙীয়াৰ এই পেট্ৰ’ল পাম্পটোত নাই চিচিটিভিৰ কোনো ব্যৱস্থা। ঘটনা সন্দৰ্ভত ৩৯০/১৯ নম্বৰত গোচৰ ৰুজু কৰি বশিষ্ঠ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Comments
Loading...