বিদায় পাৰিকৰ…

0 84

মনোহৰ পাৰিকৰৰ দেহাৱসান। ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ পাৰিকৰৰ। অগ্নাশয়ৰ ৰোগত চিকিত্সাধীন হৈ আছিল পাৰিকৰ। গোৱাৰ দশম মুখ্যমন্ত্ৰী আছিল পাৰিকৰ। দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী আছিল পাৰিকৰ। ২০১৪ৰ পৰা ১৭লৈ প্ৰতিৰক্ষা মন্ত্ৰী আছিল পাৰিকৰ। উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদো আছিল মনোহৰ পাৰিকৰ। ১৯৫৫ চনৰ ১৩ ডিচেম্বৰত গোৱাৰ মাপুছাত জন্মগ্ৰহণ কৰিছিল পাৰিকৰে। আই আই টি বম্বেৰ স্নাতক আছিল মনোহৰ পাৰিকৰ। মেটালাৰ্জিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক আছিল গোৱাৰ দশম মুখ্যমন্ত্ৰীগৰাকী। ২৬ বছৰ বয়সত আৰ এছ এছৰ সংঘচালকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ১৯৯৪ চনত প্ৰথমবাৰলৈ গোৱা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৯ চনত বিধানসভাৰ বিৰোধী দলপতি আছিল পাৰিকৰ। মনোহৰ পাৰিকৰৰ বিয়োগত ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ।

আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব গোৱাৰ দশম মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ। দেওবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিছিল দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। আজি ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। গোৱাত ৭ দিনলৈ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। মনোহৰ পাৰিকৰৰ দেহাৱসানৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ। অৰ্ধনমিত কৰি ৰখা হ’ব ৰাষ্ট্ৰীয় পতাকা।

গোৱাৰ বিজেপিৰ কাৰ্যালয়ত বিয়লি ৪ বজাত মনোহৰ পাৰিকৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। ইয়াৰ পিছতে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বিয়লি ৫ বজাত পাৰিকৰৰ নশ্বৰ দেহ লৈ যোৱা হ’ব।

ইপিনে মনোহৰ পাৰিকৰৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থকাৰ সম্ভাৱনা। আজি ১০ বজাত কেবিনেট বৈঠকৰ আহ্বান জনোৱা হৈছে।

Comments
Loading...