পাকিস্তানৰ ১৩ সংখ্যক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ

0 57

ডিজিটেল ইন্টাৰনেশ্বনেল ৰিপৰ্টঃ পাকিস্তান তেহৰিক-ই-ইন্সাফ দলৰ জ্যেষ্ঠ নেতা আৰিফ আলবিয়ে দেওবাৰে ১৩ সংখ্যক ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ কৰে। মমনুন হুছেইনৰ পাঁচবছৰীয়া কাৰ্যকাল সম্পন্ন হোৱাৰ এদিন পিছতে আৰিফ আলবিৰ শপত গ্ৰহণ অনুষ্ঠিত কৰা হয়। পাকিস্তানৰ মুখ্য ন্যায়ধীশ মিঞা চাকিব নিসাৰে শপত বাক্য পাঠ কৰায় নবনিৰ্বাচিত ৰাষ্ট্ৰপতি আৰিফক।

এৱান-ই-সদ্ৰ (ৰাষ্ট্ৰপতি ভৱন)ত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত মুখ্য ন্যায়ধীশ নিসাৰ আৰু প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ উপৰি দেশখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত আছিল। ১৯৭৩ চনৰ সংবিধানৰ বিধি অনুসৰি ৰাষ্ট্ৰপতি হিচাবে আৰিফ আলবিয়ে শপত গ্ৰহণ কৰে।

Comments
Loading...