প্ৰতিবাদৰ সন্মুখীন অমিত শ্বাহ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ অসম আগমণ। লক্ষীমপুৰৰ এখন জনসভাত বিধেয়কখনৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া। লখিমপুৰত অসম জাতীয়তাবাদী ছাত্ৰ সন্থাই দাহ কৰিলে অমিত শ্বাহৰ প্ৰতিকৃতি। নাগৰিকত্ব সংশোধনী বিধেয়ক…

তিনিচুকীয়াত পথ দূৰ্ঘটনাত এজনৰ নিহত

তিনিচুকীয়াৰ লেখাপানীত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক। টিৰাপ গেট তিনিআলিত এখন দ্ৰুতবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰে লোকজনক। ফলত দুৰ্ঘটনাস্থলীতে মৃত্যুক সাৱটে লোকজনে। ঘটনাটো সংঘটি কৰিয়েই ঘটনাস্থলীৰ পলায়ন বাহনসহ…

স্ব-গৃহলৈ আজি অনা হব মনেশ্বৰ বসুমতাৰিৰ নশ্বৰদেহ

আজি স্ব–গৃহলৈ অনা হ’ব কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ। শ্বহীদ জোৱানজনৰ বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল। শ্বহীদ জোৱানজনৰ নশ্বৰ দেহ স্বগৃহত অনাৰ পিছত সামৰিক মৰ্যাদাৰে…

আকৌ মোডীৰ মাধমাৰ

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লত ১৪ পইচাকৈ বৃদ্ধি, প্ৰতিলিটাৰ ডিজেলতো ১৪ পইচাকৈ বৃদ্ধি পালে দাম। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭০.০৭ টকা আৰু ৬৬.৩১ টকা হ’লগৈ প্ৰতিলিটাৰ ডিজেলৰ মূল্য।

বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলিঃ জ্বলালে পাকিস্তানৰ পতাকা

ডিজিটেল বিশেষ সংবাদ, ৰহাঃ জন্মু কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহত হোৱা ৪৪ জন বীৰ  শ্বহীদ জোৱানৰ আত্মাৰ সদগতি কামনা কৰি কালি ৰহা নতুন চাৰিআলিত ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ সদস্য সকলে ৰাজহুৱাকৈ বন্তি প্ৰজ্বলন কৰি সন্ত্ৰাসবাদৰ…

দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

ডিজিটেল বিশেষ সংবাদ, ৰহাঃ মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলক লৈ গঠন কৰা নতুন সমিতি খনে বৃহস্পতিবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে। পূৰ্বৰ পুৰণা সমিতি খন ভংগ কৰি বিজেপিৰ দখললৈ অহা…

অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৮ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৬ পইচাকৈ। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৬৯.৯৩ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.১৭ টকা।

নিৰাপত্তাৰক্ষীক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছেঃ মোডী

ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মঘাটী বিস্ফোৰণৰ পিছতে আজি দিল্লীত কেবিনেট কমিটী অন ছিকিউৰিটীৰ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ তীব্ৰতৰ হ’ব বুলি উল্লেখ কৰি…

জন্মু-কাশ্মীৰৰ ঘটনাক লৈ কিয় নীৰৱ পাক প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ জম্মু–কাশ্মীৰৰ আত্মঘাতী বিস্ফোৰণৰ ঘটনাক লৈ নীৰৱ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। ইপিনে ঘটনা সংঘটিত হোৱাৰ ৯ ঘণ্টা পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে। এই বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ…

জন্ম-কাশ্মীৰৰ ঘটনাক নিন্দা বলিউদৰ

ডিজিটেল ৰিপৰ্টঃ জম্মু–কাশ্মীৰৰ বৰ্বৰ ঘটনাক নিন্দা কৰিছে বলীউদৰ শিল্পী সমাজে। সন্ত্ৰাসবাদী আক্ৰমণৰ এই বৰ্বৰ ঘটনাক কঠোৰ নিন্দা কৰিছে অজয় দেৱগন, অভিষেক বচ্চন, অক্ষয় কুমাৰ, ছলমান খান, অশোক পণ্ডিত, অনুপম খেৰ, মধুৰ ভাণ্ডাৰকাৰ, বৰুণ ধৱন, বিশাল…